শৰত (কবিতা)
বৰষা মেঘৰ বুকুভেদি
শুভ্ৰ কহুৱাৰ ভাজে ভাজে
শৰতে ভুমুকিয়াইছে ,
মিঠা আলোড়ন তুলি
লয় লাহ ভঙ্গিমাৰে
আমোলমোলাইছে ।
বননিৰ হৃদয় ভৰি
ৰাতি স্নিগ্ধ জোনাকত
তালে তালে নাচিছে ,
গৰম বতাহ জাক থমকি ৰৈছে
কোমল প্ৰভাতে ৰিঙিয়াইছে
বুকু জুৰাই হালিছে জালিছে ।
বকুল জুপিয়েও তিৰবিৰাইছে
শেৱালীৰ শুভ্ৰ দলিচাখনে
চৌদিশে সুৰভি বিলাইছে ,
দুৱৰি দলিছাত বহি
নিয়ৰৰ কণিকাবোৰে
দুৰ্গা দেৱীক আদৰণি জনাইছে ।
সেউজী পাতত বহি
আহিনৰ বাঁহীটিয়ে
সপোন ৰচিছে ,
সুগন্ধি সুৰভি সনা
শাৰদীয় আচঁলতে
শৰতৰ বতৰা আনিছে ।
Comments
Post a Comment