‌ আই (কবিতা )


বিষাদেৰে ভৰা দুখপাচি হিয়াত মেলাই
কিমান সহিবা দুখ হৃদয় পুৰাই,
ভাৱনাৰ পিহনাৰে ‌পিহি বিয়পাই 
দীঘল হুমুনিয়াহে দুধাৰি বোৱাই  ।
            
           সোঁৱৰণী পানীচলু ‌চিপে চিপে ঢালি
‌    ‌      ‌  মুকলি চেনেহকণ ‌হৃদয়তে থাপি,
             আন্ধাৰে ‌আৱঁৰি ধৰা আশাৰেঙণি
            কতনো বুজাবা হিয়াৰ ভাগৱত খনি

ইমানতে শেষ‌ হওঁক অসূয়া - অপ্ৰীতি
আনন্দৰ বন্যা নমাই ‌আহক শান্তি - সম্প্ৰীতি
‌‌গৰ্ব চূৰ্ণ হওঁক অহঙ্কাৰী দুৰাচাৰৰ ‌ 
ভস্মিভূত ‌  হওঁক বাসনা  সিহঁতৰ              
      ‌‌  ‌
       ‌কলিজা ঠাণ্ডা ‌কৰি আহক জুৰ মলয়া
‌        জাতিষ্কাৰ  হওঁক আশা স্বপ্নৰে ভৰা,
         তপত চকুলোবোৰ ‌ হওঁক সৌৰশক্তি
        ‌ চিৰ প্ৰবাহমান হওঁক বিশ্বব্যাপ্তি ।

সমন্বয়ৰ  বান্ধোন হওঁক শক্তিশালী 
কৰ্ম- সংস্কৃতিৰ বাট  হওঁক সমৃদ্ধিশালী
মেলি ভাবি কৰা চেঁচা তাপিত অন্তৰ
আন্ধাৰ থেলি হৈ  ৰওঁক আলোকৰ জয় ।

Comments

Post a Comment

Popular posts from this blog

"বহাগ"

কৰ'না (লাবণ্য মহন)