Posts

Showing posts from April, 2020

"বহাগ"

মন পুলকিত হোৱা এটি নাম "বহাগ" এইবাৰ 'বহাগ'আহিল কৰ'না বোকোছাত, কুলিটিয়ে বহাগ অহাৰ বতৰা ঠিকেই দিলে প্ৰকৃতিয়ে অসমীৰ শীতল বুকুত.... ন-সাজত, নতুন ৰূপত আলোড়ন তুলিলে, কিন্তু হিয়াৰ বতৰা লৈ বিহুটি নাহিল... মনৰ উচ্চাহবোৰ যেন কৰ'নাই টেটু চেপিলে। ঢোলৰ চাপৰত বিহুটি নাহিল , কৰ'না ভাইৰাছে সম্পৰ্কৰ অৱনতি ঘটালে .. ঢোলটোও আজি মনৰ বেজাৰতে ..... এ..চু..ক..ত  ৰল গৈ ।   ‌            ‌‌‌   ‌‌‌‌‌‌‌ ‌‌‌‌‌‌এই হেন 'ৰঙালীত' ঢুলীয়াৰ টঙালি খনেও আদৰ নাপালে.. নাচনীৰ মুগাৰ সাজ যোৰ জাপতে ৰল , পেঁপা, গগণা, আৰু সুতুলী ও অনাদৰ হ'ল হাঁচতি খন ও এলাগী ‌‌‌হ'ল , হেঁপাহৰ আচুঁৱে বোৱা ফুলাম কৈ "বিহুৱান" খনেও হুমুনিয়াহ কাঢ়িলে, শৰাই, তামোল-পাণে গৃহস্থৰ  'চোতালখনকে' দেখা নাপালে  । কি যে হৈ‌ গ'ল................ ???  কল্পনা ও নাছিল এনে দিনৰ , গৃহবন্দীত্ব জীৱনত টকাৰ গৰ্বিত জনেও থৰকাচুতি হেৰাইছে .... মূখা পিন্ধা ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌উচ্চাকাংক্ষী মানৱে  কিবা শিক্ষা পাবনে....?? বুজিবনে টকাতকৈ প্ৰাণৰ মমতা কিমান ? প্ৰকৃতিৰ  ধ্বংস মূল