শৰত (কবিতা)
বৰষা মেঘৰ বুকুভেদি শুভ্ৰ কহুৱাৰ ভাজে ভাজে শৰতে ভুমুকিয়াইছে , মিঠা আলোড়ন তুলি লয় লাহ ভঙ্গিমাৰে আমোলমোলাইছে । বননিৰ হৃদয় ভৰি ৰাতি স্নিগ্ধ জোনাকত তালে তালে নাচিছে , গৰম বতাহ জাক থমকি ৰৈছে কোমল প্ৰভাতে ৰিঙিয়াইছে বুকু জুৰাই হালিছে জালিছে । বকুল জুপিয়েও তিৰবিৰাইছে শেৱালীৰ শুভ্ৰ দলিচাখনে চৌদিশে সুৰভি বিলাইছে , দুৱৰি দলিছাত বহি নিয়ৰৰ কণিকাবোৰে দুৰ্গা দেৱীক আদৰণি জনাইছে । সেউজী পাতত বহি আহিনৰ বাঁহীটিয়ে সপোন ৰচিছে , সুগন্ধি সুৰভি সনা শাৰদীয় আচঁলতে শৰতৰ বতৰা আনিছে ।