"বহাগ"

মন পুলকিত হোৱা এটি নাম "বহাগ"
এইবাৰ 'বহাগ'আহিল কৰ'না বোকোছাত,
কুলিটিয়ে বহাগ অহাৰ বতৰা ঠিকেই দিলে
প্ৰকৃতিয়ে অসমীৰ শীতল বুকুত....
ন-সাজত, নতুন ৰূপত আলোড়ন তুলিলে,
কিন্তু হিয়াৰ বতৰা লৈ বিহুটি নাহিল...
মনৰ উচ্চাহবোৰ যেন কৰ'নাই টেটু চেপিলে।
ঢোলৰ চাপৰত বিহুটি নাহিল ,
কৰ'না ভাইৰাছে সম্পৰ্কৰ অৱনতি ঘটালে ..
ঢোলটোও আজি মনৰ বেজাৰতে .....
এ..চু..ক..ত  ৰল গৈ ।
  ‌            ‌‌‌   ‌‌‌‌‌‌‌ ‌‌‌‌‌‌এই হেন 'ৰঙালীত'
ঢুলীয়াৰ টঙালি খনেও আদৰ নাপালে..
নাচনীৰ মুগাৰ সাজ যোৰ জাপতে ৰল ,
পেঁপা, গগণা, আৰু সুতুলী ও অনাদৰ হ'ল
হাঁচতি খন ও এলাগী ‌‌‌হ'ল ,
হেঁপাহৰ আচুঁৱে বোৱা ফুলাম কৈ
"বিহুৱান" খনেও হুমুনিয়াহ কাঢ়িলে,
শৰাই, তামোল-পাণে গৃহস্থৰ 
'চোতালখনকে' দেখা নাপালে  ।
কি যে হৈ‌ গ'ল................ ??? 
কল্পনা ও নাছিল এনে দিনৰ ,
গৃহবন্দীত্ব জীৱনত টকাৰ গৰ্বিত জনেও
থৰকাচুতি হেৰাইছে ....
মূখা পিন্ধা ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌উচ্চাকাংক্ষী মানৱে 
কিবা শিক্ষা পাবনে....??
বুজিবনে টকাতকৈ প্ৰাণৰ মমতা কিমান ?
প্ৰকৃতিৰ  ধ্বংস মূলতে এইয়ে নিকি পৰিণাম ?...?....?
২০২০ চনৰ 'বহাগত' ৰং নাই সঁচা ,
কিন্তু এইবাৰ পদুষণমূক্ত প্ৰকৃতিয়ে...
'বহাগত' প্ৰাণখুলি উশাহ ল'ব পাৰিছে  ।

Comments

Popular posts from this blog

‌ আই (কবিতা )

কৰ'না (লাবণ্য মহন)