কৰ'না (লাবণ্য মহন)

                         কৰ'না 

এক অজান শত্ৰু মহামাৰীৰ কৰ'নাত
      বিশ্ব আজি কম্পমান,
শুভেচ্ছা, বিনিময়, কৰদমন, আলিংগন
      হ'ল আজি অন্তধান ।

ধনী-দুখীয়া, উচ্চ-নীচ, সকলো একাকাৰ
     পোৱা নাই বিচাৰি জীৱনৰ অধিকাৰ। 
বিজ্ঞানে কৰা নাই চমৎকাৰ,
     জীৱশ্ৰেষ্ঠ মানৱৰ লাগিছে হাঁহাকাৰ।

চহৰ, নগৰ সকলোতে 'বিপদঘন্টা'
    দেশপ্ৰেমিক, দেশতদ্ৰোহী একেই অৱস্থা। 
গৃহবন্দী জনজীৱন সজাগতাৰ ,
    কৰ'না বিৰুদ্ধে যুঁজাৰ হুংকাৰ। 

বিশ্বজুৰি সংহাৰী ৰূপ ধৰিছে আজি,
   কোটিপটিয়েও পৰা নাই উপায় বিচাৰি। 
সজাগ, সচেতনতাই জয়ী হʼব বিশ্ব
   অদৃশ্য শত্ৰুক যুঁজি নিঃশেষ কৰিব। 


Comments

Popular posts from this blog

‌ আই (কবিতা )

"বহাগ"