Posts

Showing posts from March, 2020

কৰ'না (লাবণ্য মহন)

Image
                          কৰ'না  এক অজান শত্ৰু মহামাৰীৰ কৰ'নাত       বিশ্ব আজি কম্পমান, শুভেচ্ছা, বিনিময়, কৰদমন, আলিংগন       হ'ল আজি অন্তধান । ধনী-দুখীয়া, উচ্চ-নীচ, সকলো একাকাৰ      পোৱা নাই বিচাৰি জীৱনৰ অধিকাৰ।  বিজ্ঞানে কৰা নাই চমৎকাৰ,      জীৱশ্ৰেষ্ঠ মানৱৰ লাগিছে হাঁহাকাৰ। চহৰ, নগৰ সকলোতে 'বিপদঘন্টা'     দেশপ্ৰেমিক, দেশতদ্ৰোহী একেই অৱস্থা।  গৃহবন্দী জনজীৱন সজাগতাৰ ,     কৰ'না বিৰুদ্ধে যুঁজাৰ হুংকাৰ।  বিশ্বজুৰি সংহাৰী ৰূপ ধৰিছে আজি,    কো টিপটিয়েও  পৰা নাই উপায় বিচাৰি।  সজাগ, সচেতনতাই জয়ী হʼব বিশ্ব    অদৃশ্য শত্ৰুক যুঁজি নিঃশেষ কৰিব।