নাৰী (কবিতা)
নাৰী (কবিতা)
মৃত্যুঞ্জয়ী হোৱা তুমি নাৰী
আলোকৰ সন্ধানী
পোহৰৰ প্ৰিয়াসী ,
সমাজ সংস্কাৰৰ প্ৰেৰণাময়ী
জাগি উঠা তুমি আজি ।
আলোকৰ সন্ধানী
পোহৰৰ প্ৰিয়াসী ,
সমাজ সংস্কাৰৰ প্ৰেৰণাময়ী
জাগি উঠা তুমি আজি ।
অৰ্ধ আকাশক পূৰ্ণ কৰি
শত বিঘিনিৰ মমভেদী
দুষ্কৃতি কাৰীক নিপাত কৰি
সত্যৰ জয়গান গোৱা
মৃত্যুক পণ কৰি লোৱা ।
শত বিঘিনিৰ মমভেদী
দুষ্কৃতি কাৰীক নিপাত কৰি
সত্যৰ জয়গান গোৱা
মৃত্যুক পণ কৰি লোৱা ।
বুকুত গুজৰী গুমৰী থকা
বিষাদৰ কলিজাটো
হেঁচা মাৰি ধৰা
ন, ন চিন্তাৰ সমাহাৰে
জাগ্ৰত কৰি তোলা ।
বিষাদৰ কলিজাটো
হেঁচা মাৰি ধৰা
ন, ন চিন্তাৰ সমাহাৰে
জাগ্ৰত কৰি তোলা ।
কুঁৱলীৰ ফেহুজাল ফালি
মকৰাৰ জালবোৰ
দুইহাতেৰে আজুৰি চিঙি
মুক্তিকামি উচ্চ শিখৰত
বীৰাঙগণাৰ পৰিচয় দিয়া ।
মকৰাৰ জালবোৰ
দুইহাতেৰে আজুৰি চিঙি
মুক্তিকামি উচ্চ শিখৰত
বীৰাঙগণাৰ পৰিচয় দিয়া ।
নিযাতনে কোঙা কৰা
নিকৃষ্ট মানসিকতাবোৰ
বুদ্ধিমতাই জোঁকাৰি দিয়া ,
সতীৰ দেশত অসতীৰ বেশ
পৰিহাৰ কৰা ।
নিকৃষ্ট মানসিকতাবোৰ
বুদ্ধিমতাই জোঁকাৰি দিয়া ,
সতীৰ দেশত অসতীৰ বেশ
পৰিহাৰ কৰা ।
ধুমুহাৰ গগণাতে
পৃথিৱী ধোৱাই দিয়া
দশোদিশ উজ্জ্বলাই
প্ৰভাতী ৰঙেৰে
ছবিটি আকি যোৱা ।
পৃথিৱী ধোৱাই দিয়া
দশোদিশ উজ্জ্বলাই
প্ৰভাতী ৰঙেৰে
ছবিটি আকি যোৱা ।
Vl hoise Aunty😊its really amazing..
ReplyDeletethank you :)
ReplyDeleteXundor anubhab,..bhal lagil porhi
ReplyDeleteThank you :)
Delete