Posts

"বহাগ"

মন পুলকিত হোৱা এটি নাম "বহাগ" এইবাৰ 'বহাগ'আহিল কৰ'না বোকোছাত, কুলিটিয়ে বহাগ অহাৰ বতৰা ঠিকেই দিলে প্ৰকৃতিয়ে অসমীৰ শীতল বুকুত.... ন-সাজত, নতুন ৰূপত আলোড়ন তুলিলে, কিন্তু হিয়াৰ বতৰা লৈ বিহুটি নাহিল... মনৰ উচ্চাহবোৰ যেন কৰ'নাই টেটু চেপিলে। ঢোলৰ চাপৰত বিহুটি নাহিল , কৰ'না ভাইৰাছে সম্পৰ্কৰ অৱনতি ঘটালে .. ঢোলটোও আজি মনৰ বেজাৰতে ..... এ..চু..ক..ত  ৰল গৈ ।   ‌            ‌‌‌   ‌‌‌‌‌‌‌ ‌‌‌‌‌‌এই হেন 'ৰঙালীত' ঢুলীয়াৰ টঙালি খনেও আদৰ নাপালে.. নাচনীৰ মুগাৰ সাজ যোৰ জাপতে ৰল , পেঁপা, গগণা, আৰু সুতুলী ও অনাদৰ হ'ল হাঁচতি খন ও এলাগী ‌‌‌হ'ল , হেঁপাহৰ আচুঁৱে বোৱা ফুলাম কৈ "বিহুৱান" খনেও হুমুনিয়াহ কাঢ়িলে, শৰাই, তামোল-পাণে গৃহস্থৰ  'চোতালখনকে' দেখা নাপালে  । কি যে হৈ‌ গ'ল................ ???  কল্পনা ও নাছিল এনে দিনৰ , গৃহবন্দীত্ব জীৱনত টকাৰ গৰ্বিত জনেও থৰকাচুতি হেৰাইছে .... মূখা পিন্ধা ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌উচ্চাকাংক্ষী মানৱে  কিবা শিক্ষা পাবনে....?? বুজিবনে টকাতকৈ প্ৰাণৰ মমতা কিমান ? প্ৰকৃতিৰ  ধ্বংস মূল

কৰ'না (লাবণ্য মহন)

Image
                          কৰ'না  এক অজান শত্ৰু মহামাৰীৰ কৰ'নাত       বিশ্ব আজি কম্পমান, শুভেচ্ছা, বিনিময়, কৰদমন, আলিংগন       হ'ল আজি অন্তধান । ধনী-দুখীয়া, উচ্চ-নীচ, সকলো একাকাৰ      পোৱা নাই বিচাৰি জীৱনৰ অধিকাৰ।  বিজ্ঞানে কৰা নাই চমৎকাৰ,      জীৱশ্ৰেষ্ঠ মানৱৰ লাগিছে হাঁহাকাৰ। চহৰ, নগৰ সকলোতে 'বিপদঘন্টা'     দেশপ্ৰেমিক, দেশতদ্ৰোহী একেই অৱস্থা।  গৃহবন্দী জনজীৱন সজাগতাৰ ,     কৰ'না বিৰুদ্ধে যুঁজাৰ হুংকাৰ।  বিশ্বজুৰি সংহাৰী ৰূপ ধৰিছে আজি,    কো টিপটিয়েও  পৰা নাই উপায় বিচাৰি।  সজাগ, সচেতনতাই জয়ী হʼব বিশ্ব    অদৃশ্য শত্ৰুক যুঁজি নিঃশেষ কৰিব। 

শৰত (কবিতা)

                   বৰষা মেঘৰ বুকুভেদি      শুভ্ৰ ‌কহুৱাৰ ভাজে ভাজে              শৰতে ভুমুকিয়াইছে , মিঠা ‌‌আলোড়ন তুলি     ‌  লয় লাহ ভঙ্গিমাৰে ‌            আমোলমোলাইছে । বননিৰ হৃদয় ভৰি       ৰাতি স্নিগ্ধ জোনাকত           ‌   তালে তালে নাচিছে , গৰম বতাহ জাক থমকি ৰৈছে       ‌ কোমল প্ৰভাতে ৰিঙিয়াইছে           ‌    বুকু জুৰাই হালিছে জালিছে । বকুল জুপিয়েও তিৰবিৰাইছে      শেৱালীৰ শুভ্ৰ দলিচাখনে             চৌদিশে সুৰভি বিলাইছে , দুৱৰি দলিছাত বহি       নিয়ৰৰ কণিকাবোৰে             দুৰ্গা দেৱীক আদৰণি জনাইছে । সেউজী পাতত বহি   ‌   আহিনৰ বাঁহীটিয়ে    ‌          সপোন  ৰচিছে , সুগন্ধি সুৰভি সনা         শাৰদীয় আচঁলতে                 শৰতৰ বতৰা আনিছে ।

‌ আই (কবিতা )

Image
বিষাদেৰে ভৰা দুখপাচি হিয়াত মেলাই কিমান সহিবা দুখ হৃদয় পুৰাই, ভাৱনাৰ পিহনাৰে ‌পিহি বিয়পাই  দীঘল হুমুনিয়াহে দুধাৰি বোৱাই  ।                         সোঁৱৰণী পানীচলু ‌চিপে চিপে ঢালি ‌    ‌      ‌  মুকলি চেনেহকণ ‌হৃদয়তে থাপি,              আন্ধাৰে ‌আৱঁৰি ধৰা আশাৰেঙণি             কতনো বুজাবা হিয়াৰ ভাগৱত খনি ইমানতে শেষ‌ হওঁক অসূয়া - অপ্ৰীতি আনন্দৰ বন্যা নমাই ‌আহক শান্তি - সম্প্ৰীতি ‌‌গৰ্ব চূৰ্ণ হওঁক অহঙ্কাৰী দুৰাচাৰৰ ‌  ভস্মিভূত ‌  হওঁক বাসনা  সিহঁতৰ                     ‌‌  ‌        ‌কলিজা ঠাণ্ডা ‌কৰি আহক জুৰ মলয়া ‌        জাতিষ্কাৰ  হওঁক আশা স্বপ্নৰে ভৰা,          তপত চকুলোবোৰ ‌ হওঁক সৌৰশক্তি         ‌ চিৰ প্ৰবাহমান হওঁক বিশ্বব্যাপ্তি । সমন্বয়ৰ  বান্ধোন হওঁক শক্তিশালী  কৰ্ম- সংস্কৃতিৰ বাট  হওঁক সমৃদ্ধিশালী মেলি ভাবি কৰা চেঁচা তাপিত অন্তৰ আন্ধাৰ থেলি হৈ  ৰওঁক আলোকৰ জয় ।

নাৰী (কবিতা)

Image
  ‌       ‌‌ ‌  নাৰী (কবিতা) মৃত্যুঞ্জয়ী  হোৱা তুমি নাৰী         আলোকৰ সন্ধানী    ‌        পোহৰৰ প্ৰিয়াসী ,            ‌    সমাজ সংস্কাৰৰ প্ৰেৰণাময়ী       ‌‌   ‌     ‌   ‌  ‌  জাগি উঠা তুমি আজি । অৰ্ধ আকাশক পূৰ্ণ কৰি      শত বিঘিনিৰ মমভেদী         দুষ্কৃতি কাৰীক নিপাত কৰি             সত্যৰ জয়গান গোৱা                 মৃত্যুক পণ কৰি লোৱা  । বুকুত গুজৰী গুমৰী  থকা      বিষাদৰ কলিজাটো           হেঁচা মাৰি ধৰা    ‌          ন, ন  চিন্তাৰ সমাহাৰে ‌‌       ‌‌        জাগ্ৰত কৰি তোলা । কুঁৱলীৰ ফেহুজাল ফালি     মকৰাৰ জালবোৰ         দুইহাতেৰে আজুৰি চিঙি          ‌   মুক্তিকামি উচ্চ শিখৰত          ‌‌       বীৰাঙগণাৰ  পৰিচয় দিয়া । নিযাতনে ‌কোঙা কৰা    নিকৃষ্ট মানসিকতাবোৰ       বুদ্ধিমতাই জোঁকাৰি দিয়া ,      ‌‌     সতীৰ দেশত অসতীৰ বেশ   ‌ ‌ ‌‌          পৰিহাৰ কৰা । ধুমুহাৰ গগণাতে      পৃথিৱী ধোৱাই দিয়া           দশোদিশ উজ্জ্বলাই     ‌         প্ৰভাতী ৰঙেৰে      ‌            ছবিটি আকি যোৱা ।